Wednesday 2 January 2013

আত্মা, ধৰ্ম আৰু চিকিৎসা বিজ্ঞান


আত্মা, ধৰ্ম আৰু চিকিৎসা বিজ্ঞান***********************
   জন্মৰ পিছৰ  পৰাই এজন মানুহৰ মাজত সৃষ্টি হোৱা "মই" ভাৱটো (the conception of self) মৃত্যুৰ লগে লগে শেষ হয় নে নহয় সেয়া এক ডাঙৰ প্ৰশ্ন৷ অতীজৰ জ্ঞানীসকল, ধৰ্মগ্ৰন্থসমূহে ঘোষণা কৰি আহিছে যে  মানুহৰ শৰীৰৰ ভিতৰত থকা আত্মা অমৰ৷ আত্মা ওলাই 'লেই মানুহক মৃত বুলি ঘোষণা কৰা হয়; কিন্তু মানুহজনৰ "মই" ভাৱটো থাকি যায়৷ এই চেতনাই আত্মা৷ আত্মাই আন মানুহৰ সতে যোগাযোগ কৰিব নোৱাৰে৷ আজান পীৰৰ মতে মানুহৰ দেহটো এটি সজা আৰু আত্মাটো ময়না চৰাই৷ চৰাই উৰি 'লে সজাৰ কাম নাই৷
       মানৱ দেহটো এটা কম্পিউটাৰৰ সতে ৰিজাব পাৰি৷ কম্পিউটাৰৰ বিভিন্ন অংগবোৰে সংঘবদ্ধ হৈ আচৰিত আৰু তীক্ষ্ম বুদ্ধিসম্পন্ন কাম কৰিব পৰাৰ দৰে মানুহৰ শৰীৰটোৱে কৌটি কৌটি স্মায়ু, ৰক্তবাহী নলী আৰু বাকী অংগবোৰৰ সহায়ত অকল্পনীয়ভাৱে নিখুত আৰু ক্ষীপ্ৰ গতিত কাম কৰিব পাৰে৷ মানুহৰ মগজুৰ দৰে কম্পিউটাৰ এটাৰ CPU থাকে৷ এফালৰ পৰা চাবলৈ 'লে মানুহৰ দেহটো এটা মেচিন৷ কিন্তু আন যিকোনো মেচিনতকৈ ইয়াৰ মূল পাৰ্থক্যটো হৈছে "মই" (Self)  ভাৱটো৷ মেচিনৰ "মই" ভাৱ নাথাকে৷ এটি কম্পিউটাৰ যিদৰে বিদ্যুৎ প্ৰবাহ নহ'লে নচলে, বা বিদ্যুৎ প্ৰবাহ বন্ধ 'লে কম্পিউটাৰতটো বন্ধ হৈ যায়, ঠিক তেনেদৰে মানুহৰ দেহৰ চালিকা হৈছে তেজ বা ৰক্তপ্ৰবাহ৷ কলিজাটো মানুহৰ UPS. কলিজা স্তব্ধ 'লে মানুহৰ দেহত ৰক্তপ্ৰবাহ বন্ধ হয় আৰু মানুহজনক মৃত বুলি কোৱা হয়৷ যিদৰে এবাৰ বন্ধ হৈ যোৱা কম্পিউটাৰটোত পুনৰ বিদ্যুৎ প্ৰবাহ চালিত কৰিলে পুনৰ চলি উঠে, তেনেদৰে মৃত মানৱ দেহত পুনৰ ৰক্ত প্ৰবাহিত কৰিলে মানুহজন জী নুঠে ( অসম্ভৱও) কম্পিউটাৰৰ অংগবোৰ ধাতুৰে নিৰ্মিত বাবে ব্যৱহাৰ হৈ নাথাকিলেও সেইবোৰ ক্ষয় নহয়; কিন্তু মানুহৰ জৈৱিক কোষবোৰ ৰক্তপ্ৰবাহ বন্ধ 'লে মৰি যাব ধৰে৷ কম্পিউটাৰৰ parts বোৰৰো নিশ্চিতভাৱে আয়ুসকাল আছে৷ মানুহৰ ক্ষেত্ৰত কোষবোৰৰ আয়ুসকাল (ৰক্তপ্ৰবাহ বন্ধ হোৱাৰ পিছত) দুৰ্ভাগ্যবশত: খুব কম৷চকুৰ কৰ্ণিয়া এজন মানুহৰ মৃত্যুৰ ঘন্টাৰ পিছলৈকে বাচি থাকে৷ সেই কালছোৱাৰ ভিতৰত মৃত মানুহজনৰ কৰ্ণিয়া আন জীৱিত মানুহৰ চকুত সংস্থাপন কৰিলে অৰ্থাৎ মৃত মানুহজনৰ কৰ্ণিয়াৰ মাজেৰে পুনৰ ৰক্তপ্ৰবাহ সঞ্চালন কৰিলে সি পুনৰ কাৰ্যক্ষম হৈ উঠে৷ কিন্তু কৰ্ণিয়াৰ দৰে শৰীৰৰ বাকীবোৰ কোষে বেছি সময় বাচি নাথাকে৷ চিকিৎসা বিজ্ঞানৰ দ্ৰুত উন্নতি হৈছে৷ অদূৰ ভৱিষ্যতে যদিহে মৃত শৰীৰ অধিক সময় সতেজ বা কোষবোৰ বচাই ' পৰা যায়, তেন্তে কৃত্ৰিম ব্যৱস্থাৰ দ্বাৰা current অৰ্থাৎ ৰক্তসঞ্চালন কৰিলে মৃত লোক আকৌ বাচি উঠিব পাৰে৷ কিন্তু এই ব্যৱস্থাটো accident হৈ মৃত হোৱা লোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ'ব৷ Accident 'লে শৰীৰৰ অংগক্ষয় হয়৷ যিদৰে কুঠাৰ মাৰি ভাঙি পেলোৱা কম্পিউটাৰ বিদ্যুৎ সঞ্চালনে অন কৰিব নোৱাৰে, তেনেদৰে accident হোৱা মানুহক ৰক্তসঞ্চালনৰ দ্বাৰা বচাব পৰা নাযাব৷ হৃদযন্ত্ৰৰ অসুখত মৃত লোককহে বচাব পৰা যাব৷
  দিফিব্ৰিলেটৰ (defibrillator), হাৰ্টলাং মেচিন আদি অত্যাধুনিক ব্যৱস্থাৰ দ্বাৰা আজিকালি মৃত বুলি ঘোষণা কৰিব পৰা ৰোগীকো পুনৰজীৱিত কৰিব পৰা গৈছে৷ অপাৰেশ্বনৰ সময়ত সঙ্গাহীন কৰবৰ সময়ত, হাৰ্ট এটেকৰ সময়ত বা কোনো  দুৰ্ঘটনাত পতিত লোকৰ হঠাৎ হৃদপিণ্ড বন্ধ হৈ যাব পাৰে৷ তেনে ৰোগীক কেতিয়াবা ২০ মিনিট বা আধা ঘন্টাৰ পিছতো পুনৰজীৱিত কৰা সম্ভৱ হৈছে৷ এনেদৰে পুনৰজীৱিত কৰা হোৱা কিছুমান মানুহে জ্ঞান পোৱাৰ পিছত তেওঁলোকৰ মৃত অৱস্থাত হোৱা কিছুমান অভিজ্ঞতা বৰ্ণনা কৰে৷বিশ্ববিখ্যাত মনোবিজ্ঞানী ডা: ৰেণ্ডম মুডীয়ে এনে ১৫০জন Death Experienced মানুহক লৈ এটা অধ্যয়ন কৰে৷মৃত্যুৰ সময়ত হোৱা অভিজ্ঞতাবোৰ সাধাৰণতে এনেধৰণৰ- বহুতে মৃত্যুৰ প্ৰথম অৱস্থাত অতি সুখহে অনুভৱ কৰে৷ডাক্তৰে বা আন কোনোবাই তেওঁক মৃত বুলি ঘোষণা কৰা তেও শুনে৷ তাৰ পিছত তেওঁ বহুতো শব্দ শুনে, যেনে ঘন্টা বজোৱাৰ নিচিনা,বতাহৰ হোঁ হোঁৱনিৰ দৰে শব্দ আদি৷কেতিয়াবা ধুনীয়া সঙ্গীতো শুনে৷শব্দ শুনাৰ লগে লগে তেওঁ যেন এটা অতি আন্ধাৰ সুৰুঙাৰে অতি বেগেৰে গৈ আছে- এনে ভাৱ হয়৷ তেওঁ যেন নিজা শৰীৰৰ পৰা বেলেগ হে উলাই আহিল৷ তেওঁৰ নিজকে এইবাৰ তেওঁ মৃত্যু হোৱা কোঠালিটোৰ চিলিঙৰ তলত উপঙি থকা যেন লাগে৷ তেওঁৰ যেন কোনো ওজনেই নাই৷তেওঁ নিজৰ শৰীৰটো দূৰৰ পৰা দেখে৷ডাক্তৰ বা তেওঁৰ সম্বন্ধীয় মানুহে তেওঁৰ শৰীৰটো পুনৰজীৱিত কৰিবলৈ চেষ্টা কৰি থকা তেওঁ দেখে৷তেওঁ সকলো দেখি থাকে৷ তেওঁ মানুহবোৰক কিবা লেও কোনেও নেদেখে৷ কাৰোবাৰ হাতত ধৰি বাধা দিব খুজিলেও তেও ধৰিব নোৱাৰে৷ তেওঁক কোনেও নেদেখে৷তেওঁ জানে যে তেওঁৰ এটা নতুন শৰীৰ আছে৷ শৰীৰটো ডাৱৰৰ দৰে বা কুঁৱলীৰ দৰে স্বচ্ছ নাইবা আইনাৰ দৰে৷ নতুবা তেওঁৰ আগৰ শৰীৰটোৰ দৰেই৷তেওঁ এৰি থৈ অহা শৰীৰটো দেখে আৰু ভাৱে যে সেইটো তেওঁৰ শৰীৰ- তাতে পৰি আছে৷তেওঁ বুজে যে তেওঁ মৰিল৷তেওঁৰ দুখ লাগে- অসহায় অৱস্থাত পৰে৷এতিয়া তেওঁ কি কৰা উচিত? অলপ পিছতে তেওঁ দেখে যে তেওঁক সহায় কৰিবলৈ আগতে মৃত্যু হোৱা তেওঁৰ পৰিয়ালৰ সদস্যসকল বা বন্ধুসকল আহিছে৷তেওঁলোকে আনন্দ কৰে যেন এটা ভাল কামহে হৈছে৷তেওঁ যেন ঘৰলৈ উলটি গৈছে৷ তেওঁ নিজেও এটা বিমল আনন্দ, সুখ আৰু পৰিতৃপ্তি অনুভৱ কৰে৷মৃতকে এটা পোহৰ দেখে৷প্ৰথমতে পোহৰটো সিমান উজ্জল নহয়৷ পিছত ইমান উজ্জল হয় যে তেওঁ তেনেকুৱা উজ্জল পোহৰ তো দেখা নাই৷ পোহৰটোৱে তেওঁৰ চকুত নধৰে, নোপোৰেও৷ বৰ আনন্দদায়ক৷ তেওঁ বুজে যে পোহৰটো কোনো এক ব্যক্তি৷ পোহৰটোৱে তেওঁৰ সতে কথা পাতে৷ কিন্তু শব্দৰে নহয়, ভাৱ বিনিময়েৰে৷ পোহৰটোৱে তেওঁক সোধে-তুমি মৰিবলৈ সাজুনে? জীৱনটোত তুমি কি কৰিলা?তাৰ পিছত তেওঁক তেওঁৰ জন্মৰ পৰা মৃত্যুলৈকে গোটেই জীৱনৰ ঘটনা বা তেওঁ কৰা কামবোৰ দেখুৱাই দিয়ে৷মৃতকে জীৱিত কালত কৰা ভাল বেয়া সকলো কামবোৰ, জীৱনৰ সকলো ঘটনাস্থলী পুংখানুপুংখৰূপে প্ৰতিফলিত হয়৷মিছা মাতিবৰ কোনো উপায় নাথাকে৷ইয়াৰ পিছত মৃত ব্যক্তিজনে কিবা এটা সীমা পায়, যেনে- এখন বেৰা, এডাল ৰেখা আদি৷ এজন Death Experienced য়ে কৈছিল যে তেওঁ এখন নাওত উঠি এটুকুৰা পানী পাৰ হৈ যাবলৈ উলাইছিল৷নাৱৰ পৰা তেওঁ সিপাৰে তেওঁৰ আগতে মৃত্যু হোৱা পৰিয়ালৰ লোকসকল আৰু বন্ধুবৰ্গক দেখিছিল৷তেওঁলোকে তেওঁক আগ্ৰহেৰে মাতিছিল৷তেওঁ পিছে ঘূৰি আহিল৷এই সীমাবোৰ পাৰ লে আৰু ঘূৰি নাহে৷ আচৰিতভাৱে Death Experienced সকলৰ এই বক্তব্যবোৰ সকলো ধৰ্মগ্ৰন্থৰ ধাৰণাবোৰৰ লগত সাদৃশ্য আছে৷
     মানুহে মৰিব নুখুজে৷ কিন্তু দুৰ্ভাগ্যবশত: মানুহৰ জীৱনটো বৰ চুটি৷ মৰাৰ পিছতো যদিমইবোলা অস্তিত্বটো থাকে, তেন্তে মৃত্যুভয় বহু পৰিমাণে কমাই দিয়ে৷
----------+----------------+-------------+---------------+-----------------------
বি.দ্ৰ. প্ৰবন্ধটি আমাৰ অসম প্ৰকাশিত শংখধৰ বৰুৱাৰ আত্মানামৰ প্ৰবন্ধটিৰ প্ৰেৰণাত লিখা হৈছে৷